ডাউনলোড
মোবাইল এপ

android apple
signal

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৬০ অতিক্ৰম

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৬০ অতিক্ৰম কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্যান্য সংস্থাৰ সহযোগত যোৱা মঙলবাৰৰ পৰা অঞ্চলটোত সাহায্য আৰু উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে। IAF C-17 পৰিবহণ বিমানৰ জৰিয়তে অঞ্চলটোত ৫৩ মেট্রিকটন চিকিৎসা সামগ্রীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ইপিনে, AN-32 আৰু C-130 বিমানৰ যোগেদি সাহায্য সামগ্রী তথা জোৱানসকলক অনা-নিয়া কৰা হৈছে। এই বিমানসমূহে সামগ্ৰিকভাৱে উদ্ধাৰকাৰী দলসমূহকে ধৰি ২০০তকৈও অধিক লোকৰ যাতায়াতত সহায় কৰাৰ লগতে দুর্যোগ প্রভাৱিত এলেকাৰ পৰা বাসিন্দাসকলক স্থানান্তৰৰ কামত জড়িত হৈছে। আনহাতে, সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে MI-17 আৰু ধ্ৰু নামৰ উন্নত লঘু হেলিকপ্তাৰ ব্যৱহাৰ কৰা হৈছে। এই হেলিকপ্তাৰসমূহে প্ৰভাৱিত এলেকাসমূহৰ পৰা যথেষ্ট সংখ্যক লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে।

সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে কালি ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহত আবদ্ধ ১৮৯ জন লোক আৰু চাৰিটা শৱদেহ উদ্ধাৰ কৰা হয়। সেনাবাহিনীৰ দলে আজি পুৱা আট্টামালা, মুণ্ডাক্কি আৰু চুৰামালাত উদ্ধাৰ আৰু সাহায্য অভিযান পুনৰ আৰম্ভ কৰে। উদ্ধাৰ কাৰ্যত প্ৰশিক্ষণপ্রাপ্ত কুকুৰৰ দলৰো সহায় লোৱা হৈছে।
আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ মালাপ্পুৰাম, কোঝিক’ড়, ৱায়নাড, কুন্নুৰ আৰু কাচাৰগডত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে তিৰুৱানন্তপুৰম আৰু কুল্লামৰ বাহিৰে ১২ খন জিলাৰ সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰিছে। ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলোধৰণৰ সহায় আগবঢ়াব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আশ্বাস দিছে।

অধিক পঢ়ক

সকলো চাওক