কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মেক্সিকোৰ ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰহিলৈৰ পৰা কৰিবলগীয়া ৯ দিনীয়া বিদেশ ভ্রমণ কাৰ্যসূচীৰ সময়ত ড° ক্লাউডিয়া শ্বেইনবামৰ মেক্সিকোৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব। এই উদ্দেশ্যেৰে আজি দিল্লীৰ পৰা শ্ৰী মাৰ্ঘেৰিটাই মেক্সিকো অভিমুখে ৰাওনা হ’ব। ইয়াৰ উপৰি এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে মেক্সিকো, গ্রেণাডা, বার্বাডোছ আৰু এন্টিগুয়া তথা বাবুডালৈ আনুষ্ঠানিকভাৱে ভ্ৰমণ কৰিব। ৫ খন দেশলৈ শ্ৰী মাৰ্ঘেৰিটাৰ এই তাৎপৰ্যপূৰ্ণ ভ্ৰমণকালত ৰাজনৈতিক, ব্যৱসায়িক তথা শৈক্ষিক বিষয়ত ভাৰতীয় মূলৰ নাগৰিকসকলৰ সৈতে বাৰ্তালাপ কৰা হ’ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা প্ৰেছ বিজ্ঞপ্তিযোগে অৱগত কৰে। মন্ত্ৰ্যালয়ে এই ভ্ৰমণকালত ভাৰত আৰু লেটিন আমেৰিকা তথা কেৰিবিয়ান দেশসমূহৰ আন্তঃসম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ লগতে গ্ল’বেল ছাউথৰ অংশীদাৰসকলৰ সৈতে অধিক সহযোগিতাৰ পথ মুকলি হ’ব বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে আশা ব্যক্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক