কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰে। শ্ৰীসোণোৱালে সংশ্লিষ্ট বিষয়াসকলৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, অসম প্ৰান্তৰ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। উত্তৰ-পূব অঞ্চলৰ যুৱ প্ৰজন্মই যাতে সু-প্রশিক্ষণৰ জৰিয়তে সামুদ্রিক খণ্ডত পাৰদৰ্শিতা দাঙি ধৰিব পাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা তীব্ৰতৰ কৰি তুলিবলৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ শেহতীয়া কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। উল্লেখযোগ্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱাবছৰ গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰে।

অধিক পঢ়ক

সকলো চাওক