September 1, 2024 1:40 PM | Kiren Rijiju

printer

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ প্রতিনিধি দলৰ সাক্ষাৎ

মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ এটা প্রতিনিধি দলে কালি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক সাক্ষাৎ কৰে আৰু ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ ৰ অধীনৰ প্ৰস্তাৱসমূহৰ প্ৰতি সমর্থন আগবঢ়ায়। সাক্ষাৎকালত সৰ্বভাৰতীয় চুফি চজ্জাদানচিন পৰিষদৰ অধ্যক্ষ তথা আজমেৰ দৰগাহৰ আধ্যাত্মিক মুৰববী উত্তৰাধিকাৰী ছৈয়দ নছিৰুদ্দিন ছিষ্টি নেতৃত্বাধীন প্রতিনিধি দলটোৱে মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। ৱাক্‌ফ সংশোধনী বিধেয়কৰ প্ৰস্তাৱসমূহ চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটিত লোকসভাৰ ২১ গৰাকী আৰু ৰাজ্যসভাৰ ১০ গৰাকী সদস্য আছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালৰ সৈতে হোৱা আলোচনাকালত প্রতিনিধি দলটোৱে কয় যে, ৱাক্‌ফ বোৰ্ডৰ বাবে সমগ্ৰ দেশৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। ৱাক্‌ফ বোৰ্ডৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ মছজিদসমূহ সন্মুখীন হোৱা সমস্যাৰ প্ৰতি কমিটিয়ে গুৰুত্ব আৰোপ কৰিব বুলি প্রতিনিধি দলটোৱে আস্থা প্রকাশ কৰে। প্ৰতিনিধি দলটোৱে ৱাক্‌ফ বোৰ্ডৰ কাম-কাজৰ উন্নত ব্যৱস্থাপনা, স্বচ্ছতা আৰু উত্তৰ দায়িত্বত গুৰুত্ব আৰোপ কৰে। দলটোৱে লগতে মছজিদৰ সৈতে জড়িত বিষয়সমূহৰ উন্নত ব্যৱস্থাপনাৰ বাবে এখন সুকীয়া দৰগাহ বোর্ড গঠনৰ বাবে দাবী জনায়।

অধিক পঢ়ক

সকলো চাওক