ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় বাজেটত গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত কৰিছে

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰ কৰাৰ লগে লগে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত হোৱাৰ দিশে আগবাঢ়িছে। ভাৰতে বিশেষভাবে নির্মিত সমুদ্রযান নামৰ এখন ছাবমেৰিনত বৈজ্ঞানিকক প্ৰেৰণ কৰি সমুদ্ৰৰ গভীৰত অন্বেষণ চলোৱাৰ লক্ষ্য লৈছে। এই অভিযানৰ জৰিয়তে সমুদ্ৰৰ গভীৰতলিৰ জোখ-মাখ লোৱাৰ লগতে পানীৰ তলত ৬ হাজাৰ মিটাৰ গভীৰলৈ প্ৰেৰণ কৰিব পৰা যানৰ প্ৰযুক্তি উন্নত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই অভিযানত সাগৰৰ তলিৰ জৈৱ সম্পদৰ বহনক্ষম ব্যৱহাৰৰ বাবে সাগৰৰ গভীৰতাত খনন তথা অন্যান্য অভিযান্ত্রিক শৈলী নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। চেন্নাইৰ মহাসাগৰ প্ৰযুক্তিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এন আই অ টিয়ে নিৰ্মাণ কৰি উলিওৱা মানৱচালিত এখন বিশেষ যান চলিত বৰ্ষৰ শেষৰফালে সাগৰৰ ৫০০ মিটাৰ গভীৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে। এই যানৰ জৰিয়তে অহা বছৰ সাগৰতলিৰ ৬ হাজাৰ মিটাৰ পৰ্যন্ত অন্বেষণ কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব। বিত্ত মন্ত্ৰীয়ে ইতিমধ্যে বতৰৰ আগজাননী দিয়াৰ সমৰ্থতা উন্নীত কৰাৰ উদ্দেশ্যে পৃথিৱী বিজ্ঞান মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা মিছন মৌছম অভিযানৰ বাবে ১,৩২৯ কোটি টকা মঞ্জুৰ কৰিছে। পৃথিৱী বিজ্ঞান মন্ত্ৰ্যালয়ে মহাসাগৰৰ গভীৰলৈ যোৱাৰ অভিযানৰ নেতৃত্ব দিছে। এইক্ষেত্ৰত কালি কেন্দ্রীয় বাজেটত প্রায় ৩,৬৫০ কোটি টকা মঞ্জুৰ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক