ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

অসমৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মন্ত্ৰী মহন্তৰ অনুৰোধত ইতিবাচক সঁহাৰি জনাই ৰাজ্যৰ পথ পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা তথা গুৰুত্বপূৰ্ণ অঞ্চল অত্যাধুনিক চালক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলিৰ বাবেও মন্ত্রালয়ে সহযোগিতা আগবঢ়াব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

ImageImage

তদুপৰি পৰিবহণ ব্যয় হ্রাস হোৱাকৈ ইথানল মিশ্রিত ইন্ধন ব্যৱহাৰৰ দিশত অসমকো আগ ভাগ ল’বলৈ তেওঁ পৰামৰ্শ দিয়ে। ইপিনে, কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা আন এখন বৈঠকত মন্ত্ৰী মহন্তই প্রধান জলপথ হিচাপে ব্ৰহ্মপুত্র আৰু বৰাক নদীক যথোচিতভাৱে বিকশিত কৰাৰ লগতে অত্যাধুনিক পাৰঘাট নিৰ্মাণৰ কাম খৰতকীয়া কৰা আৰু জলপথৰ গভীৰতা বৃদ্ধিৰ বাবে শীঘ্ৰে খনন কাৰ্য চলাবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। এই অনুৰোধৰ প্ৰতি সমর্থন জনাই কেন্দ্রীয় মন্ত্রী সোণোৱালে লগতে মাজুলীৰ কমলাবাৰী আৰু অফলামুখ পাৰঘাটৰ পৰা নিমাতীঘাটৰ মাজৰ জলপথ দুটা বছৰৰ সকলো সময়তে সুষম জলপৰিবহণৰ বাবে সুনিশ্চিত কৰিব পৰাকৈ নিয়মীয়াকৈ খনন চলোৱাৰ বাবে শীঘ্ৰেই এখন ড্ৰেজাৰ আগবঢ়োৱা বুলিও প্ৰকাশ কৰে। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাজিৰঙাক কেন্দ্ৰ কৰি শিলঘাট-তেজপুৰ-বিশ্বনাথৰ মাজত পৰ্যটকৰ বাবে জল পৰিবহণ প্রকল্প গ্রহণ, গুৱাহাটী-শুৱালকুছি আৰু গুৱাহাটী-পবিতৰা আভ্যন্তৰীণ পর্যটন প্রকল্প আদিৰ ক্ষেত্ৰত কেন্দ্ৰৰ সহযোগিতা বিচাৰি মন্ত্ৰী মহন্তই জনোৱা অনুৰোধ বিবেচনাৰো আশ্বাস দিয়ে। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে জলপৰিবহণ খণ্ডত নিয়োগৰ সুবিধা পাবলৈ দক্ষতা আহৰণ কৰিব পৰাকৈ আধুনিক জলপথ পৰিবহণৰ কাৰিকৰী দক্ষতা সম্পন্ন চালক-পৰিচালক তথা মানৱ সম্পদ বিকশিত কৰাৰ বাবে অসমত এখন ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক নৌকা পৰিবহণ তথা জাহাজ পৰিবহণ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বিশেষ আগ্ৰহ প্ৰকাশ কৰে।

ImageImageImage
ইফালে, কালিয়েই মন্ত্ৰী কেশৱ মহন্তই নতুন দিল্লীত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ পালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ সাক্ষাৎ কৰি ৰাজ্যৰ মীনখণ্ডৰ আধুনিকীকৰণ সম্পৰ্কীয় আলোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়।

ImageImage

এই বৈঠকতে তেওঁ ৰাজ্যত উন্নত মানৰ মীন উৎপাদনৰ লগতে মাছৰ খাদ্য উৎপাদনৰ বৃহৎ প্রকল্প স্থাপনৰ বাবে মীন মন্ত্ৰ্যালয়ৰ সহায় বিচাৰে। মন্ত্ৰী মহন্তৰ এনে অনুৰোধ মন্ত্ৰ্যালয়ে বিবেচনা কৰিব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মীন মন্ত্ৰী সিঙে অহা ছেপ্তেম্বৰত অসম ভৱণলৈ আহিব বুলি অৱগত কৰে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মীন ক্ষেত্ৰৰ উন্নয়নৰে জড়িত দিশসমূহক লৈ আজি কেন্দ্রীয় মীন সচিবক মীন মন্ত্ৰী মহন্ত তথা ৰাজ্যৰ মীন বিভাগৰ জ্যেষ্ঠ বিষয়াৰ এটা দলৰ সৈতে বিতংভাৱে আলোচনাত মিলিত হবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক