কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ’ম: মুখ্যমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালী, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমূহ অসমবাসীৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে। তেওঁ কয় যে প্রাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে। এই সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ’ম বুলি তেওঁ সামাজিক মাধ্যমযোগে প্রকাশ কৰে। ইয়াৰ পূৰ্বে তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালায়ালয়ম আৰু ওড়িয়া ধ্রুপদী ভাষাৰ তালিকাত সন্নিবিষ্ট আছিল।
অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ পাছতে অসম গণ পৰিষদে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাইছে। অসমীয়া ভাষাক জগতসভালৈ লৈ যোৱাৰ ক্ষেত্ৰত যিসকল মহান মণিষীয়ে অহোপুৰুষাৰ্থ কৰিছিল, তেওঁলোকক অগপৰ সভাপতি অতুল বৰাই সশ্রদ্ধ প্ৰণিপাত জনায়। লগতে বৰাই অসমীয়া ভাষাত এই অলংকাৰ পৰিধান কৰাৰ পাছত প্ৰতিজন অসমীয়াৰ দায়িত্ব আৰু দায়বদ্ধতা বাঢ়িল বুলিও উল্লেখ কৰে। জাতি আৰু ভাষাটিৰ উন্নয়নৰ হকে প্ৰতিজন অসমীয়াকে তেওঁ একেলগ হৈ কাম কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক