চৰকাৰে এইবাৰৰ খাৰিফ বিপণন বৰ্ষত শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয় কৰিছে আৰু ইয়াৰ পৰা পাঞ্জাবৰ ৬ লাখ ৫৮ হাজাৰৰো অধিক খেতিয়ক উপকৃত হৈছে। খেতিয়কসকলক ২৭ হাজাৰ ৯৯৫ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্য আদায় দিয়া হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে চৰকাৰে উন্নতমানৰ এ-গ্রেট ধানৰ বাবে নিৰ্ধাৰণ কৰা প্ৰতি কুইণ্টলত ২,৩২০ টকা ন্যূনতম সমৰ্থন মূল্যত ধান ক্রয় কৰি আছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে চলিত খাৰিফ বিপণন বৰ্ষত ১৮৫ লাখ মেট্রিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
Site Admin | November 10, 2024 11:56 AM | Paddy
কেন্দ্ৰীয় চৰকাৰৰ শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয়
