July 25, 2024 10:18 AM | Assam CM

printer

কেন্দ্ৰীয় ৰেল, শিক্ষা আৰু পথ পৰিবহন মন্ত্ৰীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লী ভ্ৰমণৰ সময়ছোৱাত কালি কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে। অসমৰ ৰেল সংযোগ উন্নত কৰাৰ লগতে ৰেল উৎপাদনকাৰী গোট স্থাপনৰ সম্ভাৱনীয়তা অন্বেষণ কৰি আলোচনাত মিলিত হয়। কামাখ্যাৰ পৰা অযোধ্যাৰ মাজত পোনপটীয়া ৰেল যোগাযোগ আৰম্ভ কৰা, বাংলাদেশ হৈ বৰাক উপত্যকা আৰু পশ্চিমবংগৰ মাজত ৰেল যোগাযোগ আৰম্ভ কৰাৰ সম্ভাৱনা পৰীক্ষা কৰা আদি কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মুখ্যমন্ত্রী শ্রীশর্মাই কেন্দ্ৰীয় ৰেল মন্ত্ৰী গৰাকীৰ সৈতে আলোচনাত মিলিত হয়। কেন্দ্ৰীয় ৰেল বাজেটত উত্তৰ-পূব ৰেল সংযোগৰ আবণ্টন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জনায়। ভ্ৰমণৰ কালছোৱাত মুখ্যমন্ত্রী শ্রীশর্মাই কেন্দ্রীয় যোগাযোগ আৰু ঘাইপথ মন্ত্রী নিতীন গাডকাৰীক সাক্ষাৎ কৰি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আন্তগাঁথনি কামৰ বিষয়ে বিতং ভাৱে আলোচনাত মিলিত হয়। আলোচনা কালত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অন্তৰ্গত কেইবাটাও কামৰ অগ্ৰগতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। মুখ্যমন্ত্রীয়ে কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানকো সাক্ষাৎ কৰি ৰাজ্যত শিক্ষাব্যৱস্থা সম্পর্কে বিশেষ আলোচনাত মিলিত হয়। অসমৰ শিক্ষাকেন্দ্ৰীক উন্নয়ন আৰু বিকাশৰ উদ্দেশ্যে কেইবাখনো আচঁনিত কেন্দ্রীয় চৰকাৰে আগবঢ়োৱা সমৰ্থনৰ বাবে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কৃতজ্ঞতা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক