ডাউনলোড
মোবাইল এপ

android apple
signal

December 4, 2024 8:24 PM

printer

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰি ৰাজ্যৰ হাইড্ৰ’কাৰ্বন উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰক শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰৰ সহযোগৰ বাবে অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীপুৰীক অহা ফেব্ৰুৱাৰী মাহত ৰাজ্যত হ’বলগীয়া এডভান্টেজ আছাম শীৰ্ষক সন্মিলনৰ বাবেও আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰী শৰ্মাৰ লগত এই সাক্ষাতকালত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী পবিত্র মাৰ্ঘেৰিটা আৰু ৰাজ্য চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে আজি মুখ্যমন্ত্রী শর্মাই সংসদ ভৱনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে শ্ৰীশৰ্মাই কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অর্জুন ৰাম মেঘৱালকো তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে বুলি জানিব পৰা গৈছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ কেইবাটাও নতুন প্ৰকল্পৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। ২৫ ফেব্ৰুৱাৰীৰ আগতে কেইবাটাও প্ৰকল্পৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা কৰা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ ভিতৰত বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা ৫ মিলিয়ন মেট্রিক টনলৈ বৃদ্ধিৰ পৰিকল্পনা, নামৰূপৰ সাৰ কাৰখানাৰ পৰিসৰ বৃদ্ধি, অতি সোনকালে নাৰেঙ্গী-কুৰুৱা দলংসহ গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ ব্যৱস্থা, কাজিৰঙাৰ এলিভেটেড কৰ্ডিৰ সন্দৰ্ভত সিদ্ধান্ত গ্রহণ, বৰাপানীৰ পৰা শিলচৰ পথছোৱা ৪ ঘণ্টাত অতিক্ৰমৰ ব্যৱস্থা আদি কেইবাটাও প্রকল্পৰ কথা তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক