বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ আজি দ্বিতীয় দিনাও কেইবাটাও দেশী- বিদেশী ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ-ইষ্ট লিমিটেডে ৩,২০০ কোটি টকা বিনিয়োগেৰে অসমত চিমেণ্ট ক্লিংকাৰ আৰু গুড়ি কৰা প্ৰকল্প স্থাপন কৰিব। একেদৰে ৰাজ্য চৰকাৰ আৰু গ্ল’বেল হেল্থ লিমিটেড মেডান্তাই আজি ৫০০ কোটি টকা ব্যয়েৰে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এখন অত্যাধুনিক মাল্টিস্পেচিয়েলিটী হাস্পতাল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰ আৰু মেচন হাইড্ৰ’গ্ৰীণ প্ৰাইভেট লিমিটেডৰ মাজত এহেজাৰ ৫০০ কোটি টকা ব্যয়সাপেক্ষে অসমত এটা বছৰি ৯৫ কিলো টন উৎপাদন ক্ষমতাসম্পন্ন হাইড্ৰ’জেন আৰু ষ্টিম উৎপাদন প্রকল্প স্থাপনৰ বাবে চুক্তি সম্পাদিত হয়।
এই শীর্ষ সন্মিলনত আজি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে পথ পৰিবহণ, ৰে’লৱে আৰু জাহাজ পৰিবহণ শীৰ্ষক বিষয়ভিত্তিক এখন সত্ৰত ভাষণ দিয়ে। এই সত্ৰত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়, যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধিৰ মূল ছাবিকাঠি হৈছে যোগাযোগ ব্যৱস্থা আৰু কেন্দ্ৰীয় চৰকাৰে বিগত সময়ছোৱাত এই খণ্ডত বিশেষভাৱে গুৰুত্ব দিছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত পাৰাদ্বীপ-নুমলীগড় পাইপলাইন অভিলাষী প্রকল্প, গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ কথা উল্লেখ কৰে। নতুন ছয় লেনযুক্ত গুৱাহাটী বাইপাছে বিমান বন্দৰলৈ যাত্ৰা ৩০ মিনিটলৈ হ্ৰাস কৰিব বুলি উল্লেখ কৰি ড০ শৰ্মাই লগতে কয়, যে সোণাপুৰ-গুৱাহাটী ছয় লেনযুক্ত পথে জাগীৰোড আৰু গুৱাহাটী বিমান বন্দৰৰ মাজৰ যাত্ৰাৰ সময় ৪৫ মিনিটলৈ হ্ৰাস কৰিব। তেওঁ নুমলীগড় আৰু গহপুৰৰ মাজত নিৰ্মাণ কৰিলগীয়া পানীৰ তলৰ সুৰংগ পথৰ অভিলাষী প্রকল্পৰ কথাও উল্লেখ কৰে। এই কার্যসূচীতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা ৫ বছৰত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ৪৮০০ কোটি টকা ব্যয় সাপেক্ষে অসমত এটা সামুদ্রিক উৎকর্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে।
Site Admin | February 26, 2025 7:40 PM | Advantage Assam 2.0 | Sarbanada sonowal
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমত সামুদ্রিক উৎকর্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি
