কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই কৰিমগঞ্জৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভাগীয় মুৰববীসকলৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত তেওঁ কয় যে, বান সাহায্য বিতৰণৰ লগতে বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰৱৰ্তী সময়ৰ পৰিকল্পনা ৰাজ্য চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে। জিলাখনৰ বান পৰিস্থিতিৰ সময়ত জিলা প্রশাসন, বিজেপিৰ দলীয় কার্যকৰ্তা আৰু বিভিন্ন বেচৰকাৰী সংগঠন আগবাঢ়ি অহাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | July 9, 2024 8:49 PM | Margherita Visit Karimganj