কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছৌদি আৰব ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু ছৌদি আৰবৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা আৰু বাণিজ্য, বিনিয়োগ তথা অর্থনৈতিক সহযোগিতাৰ ন ন দিশ অন্বেষণ কৰা। এই ভ্ৰমণৰ সময়ত শ্রীগোৱেলে ৰিয়াধত আয়োজিত ভৱিষ্যত বিনিয়োগ উদ্যমৰ অষ্টম সংস্কৰণতো অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে ছৌদি আৰবৰ মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হৈ শক্তি পৰিৱৰ্তন, ডিজিটেল পৰিৱৰ্তন আৰু বাণিজ্যিক সুবিধাসমূহ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সন্মিলিত প্রয়াস সন্দৰ্ভত আলোচনা কৰিব। শ্রীগোৱেলে লগতে কৃষি, খাদ্য সুৰক্ষা, শক্তি, প্রযুক্তি, আন্তঃগাঁথনি আদি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা ভাৰত-ছৌদি কৌশলগত সহযোগিতা পৰিষদৰ অধীনৰ অৰ্থনীতি আৰু বিনিয়োগ কমিটীৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন বৈঠকত সহঃঅধ্যক্ষতা কৰিব। মন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত দেশখনত থকা ভাৰতীয় দূতাবাসত এখন জিলা, এটা সামগ্ৰী দেৱালো উন্মোচন কৰিব।