September 22, 2024 8:22 PM | Piyush Goyal

printer

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলৰ দ্বাৰা  ছিংগাপুৰত বিনিয়োগ ভাৰতৰ নতুন কাৰ্যালয় মুকলি

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে আজি ছিংগাপুৰত বিনিয়োগ ভাৰতৰ নতুন কাৰ্যালয় মুকলি কৰে। এই কাৰ্যালয়টোৱে বিভিন্ন ক্ষেত্ৰত ভাৰতত বিনিয়োগ কৰিব বিচৰা কোম্পানীসমূহৰ বাবে যোগাযোগৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰিব আৰু ইয়াৰ ফলত সহযোগিতা বৃদ্ধি পাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ছেপ্তেম্বৰত ছিংগাপুৰ ভ্ৰমণৰ সময়ত এই কাৰ্যালয়টো স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। ছিংগাপুৰৰ এই কাৰ্যালয়টো হৈছে বিনিয়োগ ভাৰতৰ বিদেশত থকা প্ৰথমটো কাৰ্যালয়। এই উপলক্ষে দিয়া ভাষণত শ্রীগোৱেলে কয় যে এই কাৰ্যালয়টোৱে ছিংগাপুৰ আৰু আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাত ভাৰতৰ প্ৰয়াস সন্দৰ্ভত এটা নতুন অধ্যায় হিচাপে চিহ্নিত হৈছে। দেশৰ গতিশীল আৰু উন্নত অৰ্থনীতিৰ হকে বিশ্বৰ বিনিয়োগকাৰী সকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ বিনিয়োগৰ সুবিধা লাভ কৰিব পাৰে, সেই লক্ষ্যৰে চৰকাৰে অনাগত সময়ত আৰু অধিক বিদেশী বিনিয়োগ ভাৰত কাৰ্যালয় মুকলি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক