কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলকাতাৰ জি আৰ জেটীত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীসোণোৱালে গংগা নৈৰ এক নম্বৰ ৰাষ্ট্ৰীয় জলপথ, দুই নম্বৰ ব্ৰহ্মপুত্ৰ নৈৰ ৰাষ্ট্ৰীয় জলপথ আৰু ১৬ নম্বৰ বৰাক নৈৰ ৰাষ্ট্ৰীয় জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে শক্তিৰ সঞ্চাৰ কৰাৰ লক্ষ্যৰে আঁচনিখনৰ আৰম্ভণি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ অধীনত এক নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ পাটনা হৈ কলকাতা আৰু বাৰাণসীৰ মাজৰ অংশত আৰু ভাৰত-বাংলাদেশ প্রট’কল জলপথ হৈ দুই নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে কলকাতা আৰু গুৱাহাটীৰ পাণ্ডুৰ মাজত এই সেৱাৰ আৰম্ভ কৰা হৈছে। এই সেৱাৰ জৰিয়তে বিভিন্ন সা-সামগ্ৰী জলপথেৰে প্ৰেৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। এই আঁচনিখনে অহা ৩ বছৰৰ ভিতৰত জলপথলৈ প্ৰায় ৮০০ নিযুত টন সামগ্ৰী স্থানান্তৰ কৰিব বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথৰ দ্বাৰা দেশৰ অর্থনীতি, বাণিজ্য আৰু সংযোগক ত্বৰান্বিত কৰাৰ দিশত এয়া এক মাইলৰ খুঁটি বুলি তেওঁ মত প্ৰকাশ কৰে । আজিৰ অনুষ্ঠানত মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰ, উত্তৰ প্ৰদেশৰ পৰিবহণ মন্ত্ৰী দয়াশংকৰ সিং প্ৰমুখ্যে মন্ত্ৰ্যালয়, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু ভাৰতীয় জাহাজ পৰিবহণ নিগমৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।
Site Admin | December 15, 2024 6:33 PM | Sarbanada sonowal