কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত আজি ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে।

এই বৈঠকত ৰাজ্যসমূহলৈ মূলধনী বিনিয়োগৰ বাবে আগবঢ়োৱা বিশেষ সাহায্যৰ বিষয়ে আলোচনা কৰা হয়। ৰাজ্যসমূহৰ বিখ্যাত পৰ্যটনস্থলীসমূহ বিশ্বমানলৈ উন্নীত কৰি বহনক্ষম পৰ্যটনৰ যোগেদি স্থানীয় লোকৰ নিযুক্তি সৃষ্টি কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰী শ্ৰী মল্লবৰুৱাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় পর্যটন মন্ত্ৰালয়ৰ এই প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব।

অধিক পঢ়ক

সকলো চাওক