কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী হর্ষ মালহোত্রাৰ দৰং জিলা ভ্ৰমণ

প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু প্ৰতি ৩ মাহৰ মূৰে মূৰে তেওঁৰ মন্ত্ৰীসভাৰ একোজন মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলৰ জিলা বিশেষকৈ পিছপৰা জিলাসমূহ ভ্ৰমণ কৰি উন্নয়নমূল কাম-কাজৰ অগ্ৰগতিৰ বুজি ল’বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হর্ষ মালহোত্রাই কালি দৰং জিলাত উপস্থিত হৈ এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত ভাগ হয়। দিনৰ ভাগত তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলে জলজীৱন মিছনৰ অধীনত নিৰ্মাণ কৰা বাঘপৰি চাপৰি নম্বৰ দুই পানী যোগান আঁচনি পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও বাৰ্তালাপ কৰে। ইয়াৰ পাছত মন্ত্ৰীগৰাকী মঙলদৈ আৱৰ্ত ভৱনত জিলাখনৰ বিশিষ্ট নাগৰিক সমাজকর্মী আৰু সংগঠন, আত্মসহায়ক গোটসমূহৰ প্ৰতিনিধি তথা প্রধানমন্ত্রী কিষান সম্মান নিধিৰ হিতাধিকাৰীসকলৰ সৈতেও পৃথকে আলোচনাত মিলিত হয়। তেওঁ মঙলদৈত নির্মীয়মান দক্ষতা বিশ্ববিদ্যালয়ত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। অন্তিম কাৰ্যসূচীৰূপে মন্ত্ৰীগৰাকীয়ে দৰঙৰ জিলা আযুক্ত কাৰ্যালয়ত জিলাখনৰ অব্যাহত থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰে। আকাংক্ষিত জিলা হিচাপে দৰং উন্নয়নৰ ক্ষেত্ৰত অংশগ্ৰহণৰ প্ৰতি আদৰণি জনাই আৰু ভাবতে ২০২৫ বৰ্ষত সংযুক্ত সামুদ্রিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সৈনিক নিয়োজিত কৰিব বুলি প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়ড আষ্টিনে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আহিলাপাতিৰ উৎপাদনৰ প্ৰসাৰৰ হকে অনুকূল তন্ত্র স্থাপনৰ প্ৰয়াসৰো প্ৰশংসা কৰে।

অধিক পঢ়ক

সকলো চাওক