কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা পৰিভ্ৰমণ কৰে। দিনজোৰা ভ্ৰমণসূচীৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পর্যালোচনা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধবজাবাহী আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ সাধাৰণ ৰাইজৰ সমস্যা সন্দৰ্ভত বিভিন্নজনৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, স্মাৰক পত্ৰত উল্লেখ কৰা সমস্যা সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি পুৱা শিৱদৌল পৰিদৰ্শন কৰাৰ পাছত এলানী চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলাখনৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে তেওঁ গোসাঁইবাৰী চাহ বাগিচালৈ গৈ চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰে। উল্লেখযোগ্য যে পর্যালোচনা বৈঠকত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সমভূমি জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডা০ ৰণোজ পেগু, বিধায়ক সুশান্ত বৰগোহাঁই, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
Site Admin | July 15, 2024 7:54 PM | Juwel Oram