কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ বিশেষজ্ঞ দলৰ দ্বাৰা জলজীৱন আঁচনিৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ কাম আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অধীনত মাদ্ৰাছৰ আই আই টিৰ বিশেষজ্ঞ এটা দলে আজি নগাঁও জিলাৰ বহুকেইখন আঁচনি নিৰীক্ষণ কৰে। জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত নগাঁও সংমণ্ডলৰ জুৰিয়া, দলংঘাট, ৰূপহী, পাখিমৰীয়া আৰু কঠিয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত জলজীৱনৰ কেইবাখনো আঁচনি দলটোৱে নিৰীক্ষণ কৰে। মাদ্ৰাছৰ আই আই টিৰ দলটোক জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা গগন তালুকদাৰ আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপজ্যোতি বৰদলৈয়ে সংগ দিয়ে। আই আই টিৰ বিশেষজ্ঞ দলটোৱে আঁচনিসমূহ নিৰীক্ষণ কৰাৰ লগতে পানী উপভোক্তা কমিটী, আত্মসহায়ক গোটৰ সদস্য, আশাকর্মী, অংগনৱাড়ী কৰ্মী আৰু জলদূতসকলৰ সৈতে মত বিনিময় কৰে।
Site Admin | November 17, 2024 7:48 PM | Jal Jeevan