ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰণ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱা বাবে বিৰোধী তথা কৰ্ণাটক চৰকাৰক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সমালোচনা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰ্ণাটকলৈ কৰ হস্তান্তৰ কৰা সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ বাবে বিৰোধী তথা কৰ্ণাটক ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। বেংগালুৰুত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে ইউ পি এ আৰু এন ডি এ চৰকাৰৰ সময়ছোৱাত কৰ্ণাটকলৈ দিয়া ধনৰ আৱণ্টনৰ তুলনামূলক তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজ্যখনে ২০০৪ চনৰ পৰা ২০১৪ চনৰ সময়ছোৱাত ৮১,৭৯১ কোটি টকা লাভ কৰিছে। ইয়াৰ বিপৰীতে ২০১৪ৰ পৰা ২০২৪ চনৰ এন ডি এ চৰকাৰৰ সময়ছোৱাত ৰাজ্যখনে পূৰ্বৰ তুলনাত দুই লাখ ৯৫ হাজাৰ ৮১৮ কোটি টকা অধিক লাভ কৰিছে। বার্ষিক আৱণ্টনৰ পৰিমাণো ইউ পি এ চৰকাৰৰ সময়ছোৱাত ৮ হাজাৰ ১৭৯ কোটি টকাৰ পৰা চলিত বৰ্ষত ৪৫,৪৮৫ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ বাহিৰে সাহায্যৰ পৰিমাণ ইউ পি এ চৰকাৰৰ দিনৰ ৬০,৭৭৯ কোটি টকাৰ পৰা এন ডি এ চৰকাৰৰ সময়ছোৱাত দুই লাখ ৩৬ হাজাৰ ৯৫৫ কোটি টকালৈ বৃদ্ধি পাইছে বুলি তেওঁ প্ৰকাশ কৰিছে। কর্ণাটকে আন্তঃগাঁথনিৰ বাবে ১০,০৪১ কোটি টকা লাভ কৰাৰ বিপৰীতে প্ৰধানমন্ত্রী মিত্র, বস্ত্রশিল্প উদ্যান আঁচনিৰ বাবে ২০০ কোটি টকা আৰু স্মাৰ্ট ছিটি কাৰ্যসূচীৰ অধীনত ৬,৪২৮ কোটি টকা লাভ কৰিছে। ইয়াৰ লগতে এইবাৰৰ ৰে’ল বাজেটত ৰাজ্যখনে সৰ্বাধিক ৮,৫৫৯ কোটি টকা আৱণ্টন লাভ কৰিছে। তেওঁ কয় যে কর্ণাটকত বর্তমান ৩১টা ৰে’ল প্ৰকল্প ৰূপায়ণ হৈ আছে। প্রধানমন্ত্ৰী আৱাস যোজনা, এম এছ এম ই খণ্ডত উদগনিমূলক বিত্তীয় সাহায্য আদিৰ দ্বাৰা ৰাজ্যখন লাভান্বিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। অর্থনৈতিক নীতি সন্দৰ্ভত কৰ্ণাটক ৰাজ্য চৰকাৰৰ বিষয়ে প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনে বিগত দুটা বছৰত ৰাজ্যখনত ৰাজহ সংগ্ৰহ সামগ্রীকভাৱে বৃদ্ধি হোৱাৰ বিপৰীতে বৰ্তমান ৰাজ্যখন ৰাজহঘাটি অর্থনীতি হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে, পেট্ৰ’ল আৰু গাখীৰৰ মূল্য বৃদ্ধিৰ ফলত ৰাজ্যখনত সম্পত্তি নির্দেশনা মূল্য, যান-বাহন পঞ্জীয়ন মূল্য আৰু যানবাহনৰ সম্পূৰ্ণ কৰ বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যখনত মূলধনী ব্যায় হ্ৰাস পাইছে আৰু ইয়ে নিয়োগ সৃষ্টিত বাৰুকৈয়ে প্রভাব পেলাব। ইয়াৰ উপৰি কৰ্ণাটকত শেহতীয়াকৈ আইন-শৃংখলা পৰিস্থিতৰ অৱনতি ঘটিছে যিয়ে বিনিয়োগৰাকীসকলক ৰাজ্যখনত বিনিয়োগৰ বাবে নিৰুৎসাহিত কৰিব।

অধিক পঢ়ক

সকলো চাওক