ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় চৰকাৰৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ফকিৰাগ্ৰাম ৰে’ল ষ্টেচন বিকশিত কৰাৰ ব্যৱস্থা

কেন্দ্ৰীয় চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূবত ৬০টা ৰে’ল ষ্টেচন বিশ্বমানৰ সা-সুবিধাৰ সৈতে বিকশিত কৰাৰ ব্যৱস্থা কৰিছে। বাছনিপ্রাপ্ত ষ্টেচনসমূহৰ ভিতৰত অসমৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰে’ল ষ্টেচনটো ৩৪ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে বিকশাই তোলাৰ পদক্ষেপ লোৱা হৈছে। এই ষ্টেচনটোৰ পুনৰ নিৰ্মাণে কাষৰীয়া অঞ্চলসমূহৰ ৰে’ল যাতায়াতকাৰীসকলক সা-সুবিধা প্ৰদান কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ নিউ জলপাইগুৰি-নিউ বঙাইগাঁও খণ্ডৰ মাজত অৱস্থিত এই ষ্টেচনটোত যাত্ৰীসকলৰ সুবিধাৰ বাবে অত্যাধুনিক প্রতীক্ষা কক্ষ তথা অন্যান্য সা-সুবিধাসমূহ প্ৰদান কৰা হ’ব। তদুপৰি দিব্যাংগসকলৰ বাবে অনুকূল ৰেম্প, লিফ্ট আৰু ৫ মিটাৰ বহল ফুট অভাৰব্ৰীজৰ উপৰি পুৰুষ-মহিলাৰ বাবে সুকীয়াকৈ শৌচাগাৰ উপলব্ধ হ’ব। আনহাতে উন্নত পার্কিং ব্যৱস্থা আৰু প্ৰৱেশ-প্রস্থান পথ উন্নত কৰি তোলা হ’ব । এই সকলো উন্নয়নমূলক কামৰ ফলত নতুন নিযুক্তি, ব্যৱসায়ৰ সুযোগৰ লগতে পর্যটন ক্ষেত্ৰতো সা-সুবিধাৰ সৃষ্টি হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰেলৱেই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক