ডাউনলোড
মোবাইল এপ

android apple
signal

September 15, 2024 11:31 AM | Gibbon Wildlife century

printer

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বন উপদেষ্টা পৰিষদৰ অসমৰ গিবন অভয়াৰণ্যত তৈল খননৰ অনুমতি

কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰ্যালয়ৰ অধীনস্থ বন উপদেষ্টা পৰিষদে ৰাজ্যৰ গিবন অভয়াৰণ্যত তৈল খননৰ অনুমতি প্রদান কৰিছে। বেদান্ত তেল আৰু গেছ কোম্পানীক গিবন অভয়াৰণ্যৰ ৪.৪-৯ হেক্টৰ ভূমিত তৈল খননৰ অনুমতি প্ৰদান কৰা হৈছে। যোৰহাটৰ হোলোঙাপাৰৰ গিবন অভয়াৰণ্যত প্রতিষ্ঠানটোক তৈল খনন চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ে প্রথম পৰ্যায়ৰ সেউজ সংকেত প্রদান কৰে। উল্লেখযোগ্য যে দেশৰ হলৌ বান্দৰৰ একমাত্ৰ বাসস্থানৰ লগতে কেইবাবিধো দুষ্প্ৰাপ্য বন্য জীৱজন্তুৰ আৱাসভূমি হিচাপে পৰিচিত গিবন অভয়াৰণ্যখনত বেদান্ত তৈল খননক ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্রাণী সংৰক্ষকে অনুমোদন দিছে। ৰাজ্য চৰকাৰৰ অনুমোদনৰ ভিত্তিতেই কেন্দ্ৰীয় চৰকাৰৰ বন উপদেষ্টা পৰিষদে এইক্ষেত্ৰত অনুমোদন দিয়া বুলি প্ৰকাশ কৰা হৈছে। যোৱা ২৭ আগষ্টত ৰাজ্যৰ মুখ্য বন্যপ্রাণী সংৰক্ষক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰ্যালয়ৰ মাজত অনুষ্ঠিত বৈঠকত গিবন অভয়াৰণ্যত তৈল খননক অনুমোদন দিয়া হৈছিল।

অধিক পঢ়ক

সকলো চাওক