ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লৈছেঃ গৃহমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি শ্ৰী শ্বাহে আজিৰ অনুষ্ঠানত ২২ গৰাকী সাহসী সৈনিকক পদক প্রদান কৰিবলৈ সুযোগ পোৱাটো তেওঁৰ বাবে সন্মানজনক বুলি মত প্ৰকাশ কৰে। চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা উপকূলীয় চাইক্ল’থনৰ জৰিয়তে দেশৰ সুৰক্ষাৰ বাবে প্ৰতিষ্ঠানটোৱে আগবঢ়াই অহা সেৱা সন্দৰ্ভত গ্রামাঞ্চলত বাস কৰি থকা লোকসকলক সজাগ কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

দেশৰ বিভিন্ন স্থানত ৰে’ল ষ্টেচন, মেট্ৰ’ ষ্টেচন, বিমান বন্দৰ আদিৰ জৰিয়তে যাত্ৰা কৰা বিভিন্ন শ্ৰেণীৰ ১ কোটি যাত্ৰীক চি আই এছ এফৰ জোৱানসকলে সুৰক্ষা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়, যে দেশৰ ২৫০ টা বন্দক চি আই এছ এফৰ সুৰক্ষা ব্যৱস্থাৰ অধীনত সামৰি লোৱা হ’ব আৰু এনে বন্দ্ৰসমূহত যাত্ৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মান অৱলম্বন কৰা হ’ব। চি আই এছ এফৰ মহিলা কৰ্মীসকলক ১২৪ টা বেৰেক প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে তেওঁ কয়, যে প্ৰতিষ্ঠানটোৰ জোৱানসকলৰ স্বাস্থ্যৰ প্ৰতিও চৰকাৰে দৃষ্টি নিক্ষেপ কৰিছে। আজিৰ এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানেও অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক