কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নিনির্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰিছে। অসম আৰক্ষীৰ ১৪ গৰাকী বিষয়া জোৱানলৈ এইবাৰ বিশিষ্ট আৰু উৎকৃষ্ট সেৱাৰ বাবে পদক আগবঢ়োৱা হৈছে। অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰত্না সিংহই উল্লেখনীয় সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে। আনহাতে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক বিজয় গিৰি কুলিগাম, আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়ন, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, আৰক্ষী অধীক্ষক সিংহৰাম মিলি, উপ পৰিদৰ্শক ত্ৰৈলোক্য শৰ্মা, নায়ক বিজু লহকৰ, উপ পৰিদৰ্শক বিপুল শইকীয়া, নায়ক প্ৰফুল্ল ডেকা, সহকাৰী উপ পৰিদৰ্শক কামিনী ডেকা, নায়ক শৈলেন কাকতি, পৰিদৰ্শক মনোজ কুমাৰ সিং, নায়ক কান্ত সিংহ আৰু নায়ক ইনামুল হকক বিশিষ্ট সেৱাৰ পদকৰ বাবে নিৰ্বাচিত কৰা হয়।
Site Admin | August 15, 2024 11:41 AM | Home Ministry