কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কয়, যে কেন্দ্ৰীয় চৰকাৰে বস্ত্ৰ নিৰ্মাণ উদ্যোগৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ ভিজন নেক্সট শীৰ্ষক কাৰ্যসূচী মুকলি কৰিছে। চেন্নাইৰ ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্ৰতিষ্ঠানত আজি আয়োজিত পর্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, যে দেশৰ বস্ত্ৰৰ শৈলী নির্মাণ উদ্যোগত মূল্য ১৭,৬০০ কোটি ডলাৰত উপনীত হৈছে। ২০৩০ চনৰ উদ্যোগটোৱে ৩৫ হাজাৰ কোটি ডলাৰৰ সীমা স্পৰ্শ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বস্ত্ৰ উদ্যোগত তামিলনাডুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ৱিৰুধুনগৰ জিলাত এখন বস্ত্র উদ্যান নিৰ্মাণ কৰাৰ বাবে পুঁজি মঞ্জুৰ কৰিছে। সম্প্ৰতি বস্ত্ৰ উদ্যোগত ৪ কোটি ৬০ লাখ লোক কৰ্মৰত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০৩০ চনলৈ এই উদ্যোগত কৰ্মৰত লোকৰ সংখ্যা ৬ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অন্যান্য দেশসমূহৰ বস্ত্ৰৰ শৈলী প্ৰস্তুত কৰাসকলক লক্ষ্য কৰাৰ প্ৰয়োজন নাই বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে দেশত বিশিষ্ট প্ৰতিভা অনেক আছে।
Site Admin | November 17, 2024 8:16 PM | Giri | Giriraj Singh
কেন্দ্ৰীয় চৰকাৰে বস্ত্ৰ নিৰ্মাণ উদ্যোগৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ ভিজন নেক্সট শীৰ্ষক কাৰ্যসূচী মুকলি কৰিছেঃ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙ
