কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ আই আই টি গুৱাহাটীত আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত দিয়া ভাষণত তেওঁ এই মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্রয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি কয় যে, এনে ধৰণৰ ব্যৱস্থাসমূহ ঔপনিবেশিক শাসকসকলে প্ৰৱৰ্তক কৰিছিল আৰু ইয়াত ভাৰতীয় নীতি আৰু স্বকীয়তাৰ অভাৱ দেখা গৈছিল। ব্ৰিটিছসকলে এনে ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও বৰ্তমান চৰকাৰে জনসাধাৰণক ন্যায় প্ৰদানৰ প্ৰয়াস চলাইছে বুলি তেওঁ উল্লেখ কৰে। ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ৰ দৰে নতুন আইনসমূহ জনসাধাৰণ কেন্দ্ৰীক বুলি উল্লেখ কৰি শ্ৰী মেঘৱালে কয় যে, কেন্দ্ৰীয় চৰকাৰে দেশ দ্রুত গতিৰে উন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ সঠিক সময়তে ইয়াক প্ৰৱৰ্তন কৰিছে। ভাষণ প্ৰসংগত শ্ৰীমেঘৱালে সন্মিলনখনে নির্দিষ্ট বিষয় সন্দৰ্ভত সফলতাৰে আলোকপাত কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে। ২১ শতিকাৰ তৃতীয় দশক ভাৰতৰ স্বতন্ত্ৰতাৰ প্ৰকৃত স্বৰূপ হ’ব বুলি ১৮৯৫ চনত স্বামী বিবেকানন্দই কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ ঔপনিবেশিক শাসন বিৰোধী সংশোধনৰ পোষকতা কৰে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰাটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ অনুষ্ঠানত ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চমাদ্দাৰ, আইন আয়োগৰ সদস্য সচিব ৰীতা বশিষ্ঠ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰয় আৰু মুখ্য সচিব ৰবি কোটায়েও ভাষণ দিয়ে।
Site Admin | May 19, 2024 12:46 PM | Criminal Law