কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৱলীকৰণ আৰু সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে বিশেষভাৱে আমন্ত্ৰণ কৰি অনা কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এই মন্তব্য কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে আধুনিক কৃষি কৌশলৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি কয় যে কৃষকৰ সমস্যা সমাধানৰ বাবে আধুনিক প্ৰযুক্তিৰ সহায় লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে কৃষকৰ ফচল পোনপটিয়াকৈ গ্ৰাহকৰ কাষলৈ নিব পৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই ব্যৱস্থাৰ জৰিয়তে কৃষকে উৎপাদিত সামগ্রী মধ্যভোগী অবিহনে গ্রাহকক বিক্ৰী কৰিব পাৰিব আৰু কৃষকৰ সৰ্বাধিক লাভ নিশ্চিত হ’ব।
Site Admin | January 27, 2025 12:31 PM | Central Minister | Sivraj Singh Chouhan
কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৱলীকৰণ আৰু সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছেঃ শিৱৰাজ সিং চৌহান
