ডাউনলোড
মোবাইল এপ

android apple
signal

January 19, 2025 7:50 PM | CRPF DGP | GP Singh

printer

কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে জি পি সিঙে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰৰ আৰক্ষী অতিথিশালাত অনুষ্ঠিত বিদায় সম্বর্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীসিঙে কয়, যে অসমৰ জনসাধাৰণ যথেষ্ট মৰমীয়াল। অসমত কাম কৰা সুন্দৰ অভিজ্ঞতাৰে তেওঁ নতুন দায়িত্ব নিয়াৰিকৈ পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্রীসিঙে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এনে এক গুৰু দায়িত্ব অর্পণ কৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। ১৯৯১ বেটছৰ অসম-মেঘালয় কেদাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্রীসিং পূৰ্বে কেন্দ্ৰীয় ডেপুটেচনত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাত আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিয়োজিত হৈ আছিল। ২০১৯ চনত তেওঁক অসমলৈ ঘূৰাই আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হয়। ২০২৩ চনৰ ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল।

অধিক পঢ়ক

সকলো চাওক