ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীৰ  ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ বাবে ত্ৰিপুৰা নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থাই গ্রহণ কৰা নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। অঞ্চলটোত মন্ত্ৰ্যালয়ৰ কাম কাজৰ অগ্ৰগতি পর্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে পি এম কুসুম আঁচনিৰ অধীনত ৫৪ একৰ ভূমি সামৰি ২৭ টা এছ পি ভি পাম্প আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত ৩৫ টা এল ই ডি চালিত এছ পি ভি স্ট্রীটলাইটৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয়, যে এই পদক্ষেপসমূহৰ জৰিয়তে দ্বৈত কৃষি ব্যৱস্থাৰ সফল ৰূপায়ণে কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণ কৰি কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয় তথা ৰাজ্যিক ভড়ালসমূহ পৰিদৰ্শন কৰে। তেওঁ খাদ্য শস্যৰ ভড়াল তথা বিতৰণ ব্যৱস্থাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রী ডাঃ মানিক সাহা তথা আন বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ পি এম গৰীৱ কল্যাণ অন্ন যোজনা, পি এম কুসুম, আৰু পি এম সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ দৰে কেন্দ্ৰীয় আঁচনিসমূহৰ ৰূপায়ণ তথা অগ্ৰগতি পর্যালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক