ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰতক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্রধানমন্ত্ৰী শ্ৰী মোদীয়ে প্ৰকাশ কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, দেশৰ জনতাক দৰিদ্ৰতাৰ বিৰুদ্ধে যুজত সক্রিয় অংশগ্ৰহণকাৰী হ’বলৈ শক্তিশালী কৰাত চৰকাৰে মনোনিৱেশ কৰিছে। তাৰ বাবে ১২ টা মূল সামাজিক খণ্ডৰ সূচকত ব্যাপক অগ্রগতি লাভ কৰিবলৈ ৫০০ টা অভিলাসী খণ্ড আৰু ১১২ খন অভিলাসী জিলাত সম্পূৰ্ণতা অভিযান আৰম্ভ হৈছে। নিচামুক্ত ভাৰত গঢ়াৰ বাবে মানস হেল্পলাইন আৰম্ভ কৰা হৈছে। ধঁপাত সেৱনৰ বিপদৰ বিষয়ে সজাগতাৰ উদ্দেশ্যে ধঁপাত মুক্ত শিক্ষানুষ্ঠান অভিযানো আৰম্ভ হৈছে। আনহাতে, আন্তঃগাঁথনি, কৃষক, মধ্যবিত্ত শ্রেণী মহিলা আৰু যুৱক-যুৱতীৰ বিকাশত গুৰুত্ব আৰোপ কৰি ১৫ লাখ কোটি টকাৰ বিভিন্ন আঁচনি মুকলি কৰিছে। চৰকাৰে সামাজিক, আর্থিক আৰু ন্যায়িক সবলীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে ঔপনিৱেশিক আইনৰ ঠাইত ৩ খন নতুন আইন প্ৰৱৰ্তন কৰি দ্ৰুত বিচাৰ আৰু ন্যায় সুনিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰোপৰি চৰকাৰে একীকৃত পেন্সন আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২৩ লাখ কৰ্মচাৰীৰ সুবিধাৰ্থে ৫০ শতাংশ পেন্সন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰি অৱসৰপ্ৰাপ্ত সুৰক্ষা কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে চৰকাৰে এটা পদ, এটা পেন্সন আঁচনিৰো সংশোধন কৰিছে। ইপিনে, এই ১০০টা দিনৰ ভিতৰত ১৫ হাজাৰ যুৱক-যুৱতীক বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগত নিযুক্তি দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক