ডাউনলোড
মোবাইল এপ

android apple
signal

September 21, 2024 10:27 AM | Modi 100 days

printer

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি কৃষক, মধ্যবিত্ত শ্রেণী, মহিলা তথা যুৱক-যুৱতীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বহুতো প্ৰকল্প মুকলি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি আৰু দেশৰ মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ বাবে নৰদ্ৰে মোদী চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰে প্ৰধানমন্ত্রী আবাস যোজনা-নগৰীয়াৰ অধীনত ১০০ কোটি বাসগৃহ নির্মাণত অনুমোদন দিছে। দেশত উদ্যমিতাক উদগনি দিয়াৰ উদ্দেশ্যে চৰকাৰে মুদ্ৰা ঋণৰ সীমা ১০ লাখৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰিছে। কৰদাতাসকলক উপকৃত কৰাৰ বাবে ৭ লাখ টকা পৰ্যন্ত আয় কৰ মুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। উমৈহতীয়া পেঞ্চন আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২৩ লাখ কৰ্মচাৰীক ৫০ শতাংশ পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। তদুপৰি মধ্যবিত্ত শ্ৰেণীৰ বাবে বিদ্যুৎ বিলৰ বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী সূৰ্য্যৰ বিনামুলীয়া বিজুলী যোজনাৰ অধীনত চাৰে ৩ লাখ বাসগৃহত সৌৰ ব্যৱস্থা স্থাপন কৰা হৈছে। যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে পুণে, থানে আৰু বাংগালুৰুত মুঠ ৩০ হাজাৰ ৭০০ কোটি টকা ব্যয়সাপেক্ষ মেট্ৰ প্ৰকল্পত অনুমোদন দিছে। এই প্রকল্পসমূহে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থা শক্তিশালী কৰাত সহায় কৰিব।

অধিক পঢ়ক

সকলো চাওক