প্রধানমন্ত্ৰী সূৰ্য ঘৰ : মুফ্ট বিজুলী যোজনাৰ অধীনত নতুন আৰু নবীকৰণ যোগ্য কেন্দ্রীয় শক্তি মন্ত্ৰ্যালয়ে উদ্ভাৱনী প্রকল্প ৰূপায়ণৰ বাবে আঁচনিৰ নিৰ্দেশনা প্রদান কৰিছে। আঁচনিৰ উদ্ভাৱনী প্ৰকল্পৰ অধীনত চাদৰ ওপৰত সৌৰ প্ৰযুক্তি, ব্যৱসায়িক আৰ্হি আৰু সংহত কৌশলৰ উন্নতিৰ বাবে উৎসাহিত কৰিবলৈ ৫০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই ধনৰাশিৰে ষ্টাৰ্ট আপসমূহক সমর্থন যোগোৱাৰ লগতে প্ৰতিষ্ঠান আৰু উদ্যোগসমূহক চিনাক্ত তথা সমৰ্থন কৰা আৰু বৈদ্যুতিক বাহন আৰু বেটাৰী সংৰক্ষণৰ সৈতে সংযুক্ত চাদৰ ওপৰত সৌৰশক্তিৰ দৰে সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰ্যালয়ে কয় যে, ৰাষ্ট্ৰীয় সৌৰশক্তি প্রতিষ্ঠানে উদ্ভাৱনীমূলক প্রকল্প উপাদানৰ বাবে আঁচনি ৰূপায়ণৰ সংস্থা হিচাপে কাম কৰিব। নিৰ্বাচিত প্রকল্পসমূহে প্ৰকল্প ব্যয়ৰ ৬০ শতাংশ বা ৩০ কোটি টকা পর্যন্ত আর্থিক সাহায্য লাভ কৰিব, যিটো দৰাচলতে কম হ’ব। কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্রধানমন্ত্ৰী সূৰ্য ঘৰ : মুফ্ট বিজুলী যোজনাত অনুমোদন জনাইছিল, যাতে সৌৰ চাদৰ ক্ষমতা বঢ়াই আৱাসিক পৰিয়ালসমূহত নিজাববীয়াকৈ বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম কৰি তুলিব পাৰে।
Site Admin | October 12, 2024 11:50 AM | Energy Ministry