কেন্দ্রীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব ৰাজেশ গুপ্তাৰ নেতৃত্বত এটা কেন্দ্রীয় দলে আজি পুডুচেৰীত ঘূর্ণীবতাহ ফেংগালৰ ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে ঘূৰ্ণীবতাহৰ ফলত পানীত বুৰ যোৱা তথা ধাৰাসাৰ বৰষুণে ক্ষতিগ্ৰস্ত কৰা মুলুদয় বিদুৎ যোগান কেন্দ্ৰ পৰিদৰ্শন কৰে। পুডুচেৰী চৰকাৰৰ বিষয়াবৰ্গৰ সৈতে দলটোৱে দলটোৱে মত বিনিময় কৰি ক্ষয়-ক্ষতিৰ সবিশেষ বুজ লয়। তাৰ পাছত দলটো দুটা ভাগত বিভক্ত হৈ নগৰীয়া আৰু গ্ৰামাঞ্চল পৃথককৈ পৰ্যবেক্ষণ কৰে। সন্ধিয়া ভাগলৈ কেন্দ্ৰীয় দলটোৱে উপ-ৰাজ্যপাল কে কৈলাশনাথন আৰু মুখ্যমন্ত্ৰী এন ৰাঙ্গাস্বামীক সাক্ষাৎ কৰাৰ কথা।
Site Admin | December 8, 2024 8:10 PM | Puducherry