ডাউনলোড
মোবাইল এপ

android apple
signal

March 2, 2025 11:39 AM | Amit Shah

printer

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। শ্ৰী শ্বাহে সংশ্লিষ্ট কৰ্তৃপক্ষক অহা ৮ মাৰ্চৰ পৰা ৰাজ্যখনৰ সকলো বাট-পথতে যাতে জনসাধাৰণে মুক্তভাৱে চলাফুৰা কৰিব পাৰে সেইটো নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত শ্ৰী শ্বাহে বাট-পথত অসুবিধাৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগতে নিৰ্দিষ্ট প্ৰৱেশ পথৰ দুয়োকাষে অতি সোনকালে বেৰ নিৰ্মাণ কৰাৰো নিৰ্দেশ দিয়ে। বৈঠকত শ্ৰী শ্বাহে কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰে মণিপুৰত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। বৈঠকত গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰ’ৰ সঞ্চালক তপন কুমাৰ ডেকা আৰু অন্যান্য শীর্ষ বিষয়া উপস্থিত আছিল। ৰাজ্যখনত যোৱা মাহত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ পাছত এইখন হৈছে এনেধৰণৰ প্ৰথমখন বৈঠক।

অধিক পঢ়ক

সকলো চাওক