কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ১৪ মাৰ্চত তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ’ব। শ্ৰী শ্বাহে ১৫ মাৰ্চত ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ’ব আৰু সন্ধিয়া গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলৰ সৈতে বিশেষ বৈঠকত মিলিত হ’ব। শ্ৰী শ্বাহে ১৬ মাৰ্চত কোকৰাঝাৰৰ দোতমাত হ’বলগীয়া এবছুৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি ১৬ মাৰ্চৰ বিয়লি তেওঁ নতুন দিল্লীলৈ বুলি উভতি যাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আসন্ন ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লোৱাব উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতাভৱনত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহৰ ভ্ৰমণ আৰু তেওঁ উপস্থিত থাকিবলগীয়া কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণৰ বাবে নীতি- নির্দেশনা দিয়ে। ড০ শৰ্মাই লগতে এই আয়োজনৰ সৈতে জৰিত প্ৰতিটো চৰকাৰী বিভাগৰ মাজত সমন্বয় আৰু পৰিকল্পনাৰ বিষয়ে পুংখানুপুংখভাৱে বুজ লয়। বৈঠকত পীযূষ হাজৰিকা, অজন্তা নেওগকে আদি কৰি কেইবাগৰাকীও মন্ত্রী উপস্থিত থাকে।
Site Admin | March 9, 2025 11:56 AM | Amit Shah Assam Visit
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ১৪ মাৰ্চত তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব
