ডাউনলোড
মোবাইল এপ

android apple
signal

কেজৰিৱালক যমুনা নৈত বিহ মিহলি বুলি কৰা অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। যমুনা নৈৰ পানীত এমনিয়াৰ পৰিমাণ বৃদ্ধি হোৱা বিষয়টোক লৈ অৰবিন্দ কেজৰিৱালে নৈৰ পানীত বিহ ঢলা বুলি অভিযোগ কৰিছিল। এই সন্দৰ্ভত নির্বাচন আয়োগে শ্ৰীকেজৰিৱাললৈ প্ৰেৰণ কৰা পত্ৰত অতি শীঘ্ৰে ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। আয়োগে হাৰিয়ানা চৰকাৰে নৈৰ পানীত কি ধৰণৰ বিহু ঢালিছে আৰু এই কথা প্ৰমাণসহ উত্তৰ দিবলৈ কেজৰিৱালক নিৰ্দেশ দিছে। নদীৰ কোন অংশত বিষক্রিয়া হৈছে আৰু দিল্লীৰ জল বোর্ডে কি প্ৰক্ৰিয়াৰে বিষক্ৰিয়াৰ কথা ধৰা পেলাইছিল তাকো জানিবলৈ বিচাৰিছে। বিজেপি শাসিত হাৰিয়ানা চৰকাৰে যমুনা নৈৰ পানীত বিহ ঢলাৰ বিষয়ে কেজৰিৱালে কৰা অভিযোগৰ আয়োগে তথ্য বিচৰাত শ্ৰীকেজৰিৱালে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক