কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, চি বি আইয়ে অসম চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত কেইবাটাও বিত্তীয় অনিয়মৰ ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। সংস্থাটোৱে কালি এনে এটা গোচৰৰ তদন্তৰ বাবে শিলচৰত তনয় দেৱ নামৰ অভিযুক্তজনৰ বাসগৃহত তালাচী চলাই কেতবোৰ আপত্তিজনক সঁজুলি আৰু নথিপত্র জব্দ কৰে। কেন্দ্ৰীয় সংস্থাটোৱে গুৱাহাটীৰ পল্টনবজাৰ থানাত যোৱা ২১ আগষ্টত ৰুজু হোৱা বিত্তীয় অনিয়মৰ গোচৰ এটাৰো তদন্তৰ দায়িত্ব লৈছে। দীপাংকৰ বৰ্মন নামৰ লোক এজনে তেওঁৰ সহযোগী মনালিছা দাসৰ সৈতে তেওঁলোকৰ অধীনস্থ সংস্থা এটাৰ দ্বাৰা বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছিল। এই সংস্থাটোৱে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন ঠাইৰ ভালেসংখ্যক বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছিল। চি বি আয়ে যোৱা ১৮ নৱেম্বৰত মনালিছা দাসৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। অনুৰূপ গোচৰত অভিযুক্ত চুমি বৰাই জামিন বিচাৰি কৰা আবেদন বিশেষ আদালতে খাৰিজ কৰিছিল। এই গোচৰকেইটা সন্দৰ্ভত চি বি আইৰ তদন্ত চলি আছে।
Site Admin | November 21, 2024 6:19 PM | CBI Investigation