কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট জিলাৰ কৃষি বিভাগে যাৱতীয় কাৰ্যসূচী গ্ৰহণ

কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট জিলাৰ কৃষি বিভাগে যাৱতীয় কাৰ্যসূচী গ্ৰহণ কৰিছে। শেহতীয়াকৈ কৃষি বিভাগৰ বিষয়াসকলে জিলাখনৰ টীয়ক, চেলেংহাট, নকছাৰী আৰু চিপাহীখোলাৰ ক্ষতিগ্রস্থ কৃষিভূমিসমূহ পৰিদৰ্শন কৰে৷ জিলাখনৰ কৃষি উন্নয়ন বিষয়াৰ তত্বাৱধানত কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰ লগতে সজাগতা সভাসমূহত কৃষি বিষয়াসকলে কৃষকসকলক সংহত কীট নিয়ন্ত্রণ পদ্ধতিসমূহৰ বিষয়ে অৱগত কৰিছে। কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীৰ এটা দলে খেতি অনিষ্ট হোৱা এলেকাত উপস্থিত হৈ কৃষক ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয় লগতে সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। আনহাতে যোৰহাট জিলা কৃষি বিভাগে চিপাহীখোলা কৃষি চক্ৰৰ অন্তৰ্গত চৰহা পোকে আক্ৰমণ কৰা কৃষি ভূমিত দ্ৰোণৰ সহায়ত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিছে।

অধিক পঢ়ক

সকলো চাওক