■ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন বছৰটো খেতিয়কৰ নামত উচৰ্গা কৰা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্রীসভাই প্রধানমন্ত্রী ফচল বীমা আঁচনি আৰু ন-ৰূপত সজাই তোলা বতৰ আধাৰিত শস্য বীমা আঁচনিখন ২০২৫-২৬ বৰ্ষলৈ অব্যাহত ৰখাৰ আৰু ডাই এমনিয়াম ফছফেট সাৰৰ ক্ষেত্ৰত অতিৰিক্ত ৰাজসাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ্রীচৌহানে কয় যে ২০২৪-২৫ বৰ্ষত দেশৰ কৃষি আৰু আনুসঙ্গিক খণ্ডৰ বিকাশৰ হাৰ ৩.৫ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সমবায় মন্ত্ৰালয় আৰু ইণ্ডোনেছিয়াৰ বাণিজ্য মন্ত্ৰালয় অ-বাছমতি চাউলৰ বাণিজ্যৰ বাবে কালি এখন চুক্তিত স্বাক্ষৰ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ভাৰতে ইণ্ডোনেছিয়ালৈ ১০ লাখ মেট্রিক টন অ-বাছমতি ৰপ্তানি কৰিব।
Site Admin | January 2, 2025 9:22 AM | agriculture | Central Govt. | India Govt.