April 15, 2024 7:46 PM | Vice President

printer

কৃত্রিম বুদ্ধিমত্তা আদি নতুন প্রযুক্তিসমূহ কৰ ব্যৱস্থাৰ উন্নীতকৰণৰ লগতে কৰফাঁকিৰ হাৰ হ্ৰাস কৰোৱাত সহায়ক হৈছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, কৃত্রিম বুদ্ধিমত্তা আৰু উন্নত বিশ্লেষণাত্মক ব্যৱস্থা আদিৰ দৰে নতুন প্রযুক্তিসমূহ কৰ শাসন ব্যৱস্থাৰ উন্নীতকৰণৰ লগতে কৰফাঁকিৰ হাৰ হ্ৰাস কৰোৱাত সহায়ক হৈছে। ইয়াৰ ফলস্বৰূপে কৰদাতাসকলৰ কৰ ব্যৱস্থাটোৰ প্ৰতি আস্থা বৃদ্ধি পাইছে আৰু কৰ আদায়ৰ প্ৰতি তেওঁলোক দায়িত্বশীল হৈছে। শ্ৰীধনখড়ে আজি নাগপুৰত অৱস্থিত ৰাষ্ট্ৰীয় প্ৰত্যক্ষ কৰ একাডেমীত ভাৰতীয় ৰাজহ সেৱা আই আৰ এছৰ ৭৬ সংখ্যক বেছৰ বিষয়াসকলৰ প্ৰশিক্ষণ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছ আৰু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ চি বি ডি টিক অধ্যক্ষ নীতিন গুপ্তা উপস্থিত থাকে। উল্লেখযোগ্য যে, ভাৰতীয় ৰাজহ সেৱাৰ এই বেটছটোত মুঠ ৫৮ গৰাকী বিষয়া আছে আৰু তাৰে ২৪ গৰাকী মহিলা। এই বিষয়াসকলে তেওঁলোকৰ ১৬ মহীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীত কৰ শাসনৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ লাভ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানতে প্ৰশিক্ষণৰ সময়ছোৱাত বিভিন্ন বিষয়ত উল্লেখনীয় পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিষয়াসকলক সম্বর্ধনা জনায়।

অধিক পঢ়ক

সকলো চাওক