ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 6:39 PM | Mann Ki Baat

printer

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি সদায় আগ্রহী। পেৰিচত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। কৃত্রিম বুদ্ধিমত্তা আৰু মহাকাশ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ বৰ্ধিত অংশগ্রহণে অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিছে বুলি তেওঁ উল্লেখ কৰে। বিগত মাহটোত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৱে ১০০ সংখ্যক ৰকেট উৎক্ষেপণ কৰা কাৰ্যত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে বিগত ১০ বছৰত দেশে নিজৰ লগতে অন্য দেশৰো প্ৰায় ৪৬০টা উপগ্ৰহ প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ সংখ্যা বৃদ্ধি পোৱা বিষয়ত সন্তোষ প্রকাশ কৰে। বৰ্তমান মহাকাশ ক্ষেত্ৰখন যুৱ প্ৰজন্মৰ প্ৰিয় বিষয় হৈ পৰা কথাটোৱে শ্ৰীমোদীক আনন্দিত কৰা বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক