কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভলৈ আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন

আজি আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন গাজাত যুদ্ধ বিৰতিৰ পৰিপ্ৰেক্ষিতত ৱাছিংটনৰ কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভত উপস্থিত হব। যোৱা বছৰ অক্টোবৰ মাহত হামাছৰ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰাৰ পছত তেওঁৰ এইটো নৱম পশ্চিম এছিয়া ভ্ৰমণ। আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে কায়ৰোত অব্যাহত ইজৰাইল আৰু হামাছৰ মাজৰ পৰোক্ষ শান্তি আলোচনা তদাৰক কৰিব। আমেৰিকাৰ হস্তক্ষেপত বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দোহা শান্তি আলোচনাৰ পাছত যুদ্ধ বিৰতি আশা কৰা হৈছে । ইজৰাইলৰ বিষয়াসকলৰ মতে ব্লিংকেনে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগ, প্রধানমন্ত্রী বেঞ্জামীন নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্রী ইঅভ গেলেণ্টক সাক্ষাৎ কৰিব। সূত্র অনুসৰি আমেৰিকাৰ কূটনীতিবিদগৰাকীয়ে কাটাৰৰ দোহাত পৰোক্ষ শান্তি আলোচনাৰ সৈতে জড়িত মোছাদৰ সঞ্চালক দেভিদ বার্ণিয়া আৰু শ্বিনবেটৰ মুৰববীকো সাক্ষাৎ কৰিব। যোৱা বছৰৰ ৭ অক্টোবৰত হামাছাৰ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত প্ৰবেশ কৰি প্ৰায় ১২ শ লোকক হত্যা কৰাৰ লগতে ২৫১ জন লোকক অপহৰণ কৰি বলপূৰ্বকভাৱে গাজালৈ লৈ গৈছিল। পণবন্দী ২৫১ জনৰ ভিতৰত ১১১ জন এতিয়াও গাজাতে আছে। যোৱা মাহৰ ৩১ তাৰিখে তেহৰাণত হামাছৰ নেতা ইছমাইল হানিয়েহক হত্যা কৰাৰ পিছতে ইৰাণে ইজৰাইলৰ বিৰুদ্ধে প্রতিশোধৰ ভাবুকি দিয়াৰ সময়তে আশংকা কৰা আঞ্চলিক উত্থানৰ পৰিপ্ৰেক্ষিতত শান্তি আলোচনাৰ কূটনৈতিক প্রচেষ্টা চলি আছে। ইজৰাইলৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আমেৰিকাই ইৰাণক বাৰে বাৰে সকিয়াই আহিছে।

অধিক পঢ়ক

সকলো চাওক