June 12, 2024 8:17 PM | PM Condolence

printer

কুৱেইট মহানগৰীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত প্রধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইট মহানগৰীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে এটা বাতৰি জৰিয়তে আত্মীয়ক হেৰুওৱা লোকসকলৰ প্ৰতি সহমর্মিতা প্রকাশ কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়। তেওঁ লগতে কয় যে, কুৱেইটত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি নিবিড়ভাবে পর্যবেক্ষণ কৰি আছে। ভুক্তভোগীসকলক সাহায্য প্ৰদান কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষৰ সৈতে কাম কৰি আছে বুলিও তেওঁ সদৰী কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰিছে যে প্রধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অগ্নিকাণ্ডত আহত সকলৰ প্রতি সাহায্য ব্যৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী কীর্তিৱধন সিং ইতিমধ্যে কুৱেইট অভিমুখে ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত নিহত সকলৰ শৱদেহ দেশলৈ ওভতাই অনাৰ বাবে স্থানীয় কৰ্তৃপক্ষক সহযোগিতা কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শকংৰেও এই অগ্নিকাণ্ড সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰিছে। চৰকাৰী তথ্য অনুসৰি এই অগ্নিকাণ্ডত ৪০ গৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫০ গৰাকী লোক চিকিৎসাধীন হৈ আছে। শ্ৰীজয়শংকৰে ভুক্তভোগী সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে৷

অধিক পঢ়ক

সকলো চাওক