ডাউনলোড
মোবাইল এপ

android apple
signal

December 22, 2024 8:07 PM | PM Modi at Kuwait

printer

কুৱেইটৰ আমিৰ শ্বেইখ মেছাল অল-আহমদ অল-জাবেৰ অল-ছাবাহৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ শ্বেইখ মেছাল অল-আহমদ অল-জাবেৰ অল-ছাবাহৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। দুয়োগৰাকী নেতাই ভেষজ, তথ্যপ্রযুক্তি, বিত্তীয় প্ৰযুক্তি, আন্তঃগাঁথনি আৰু নিৰাপত্তাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে ভাৰত আৰু কুৱেইটৰ দ্বিপাক্ষিক সম্পর্ক, কৌশলগত মিত্ৰতালৈ উন্নীত হৈছে। সমাগত সময়ত এই মিত্ৰতা অধিক ত্বৰান্বিত হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূর্ণ তথা শক্তিশালী ঐতিহাসিক সম্পৰ্ক সুঁৱৰি নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পর্ক অধিক গভীৰ কৰি তোলাৰ লগতে সম্প্ৰসাৰিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা সুনিশ্চিত কৰে। কুৱেইটত থকা ১০ লাখতকৈও অধিক ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে শ্রী মোদীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। কুৱেইটৰ আমীৰ গৰাকীয়েও দেশখনৰ বিকাশত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ বৰঙণিক প্ৰশংসা কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে ২০৩৫ চনৰ বাবে কুৱেইটে গ্ৰহণ কৰা বিশেষ লক্ষ্য পূৰণৰ উদ্দেশ্যে দেশখনে লোৱা পদক্ষেপৰ শলাগ লোৱাৰ লগতে চলিত মাহৰ আগভাগত উপ-সাগৰীয় সহযোগিতা পৰিষদৰ শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবেও আমীৰ গৰাকীক অভিনন্দন জ্ঞাপন কৰে। আৰবীয়, উপ-সাগৰীয় কাপ প্রতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গেষ্ট অব অনাৰ হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। কুৱেইটৰ আমীৰগৰাকীয়েও কুৱেইট তথা উপ-সাগৰীয় অঞ্চলৰ গুৰুত্বপূৰ্ণ মিত্ৰদেশ হিচাপে ভাৰতৰ ভূমিকাৰ শলাগ লয়।

অধিক পঢ়ক

সকলো চাওক