প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলালৈ গৈ এটা পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ তেতেলীয়াৰ আনন্দ জ্যোতি মহন্ত নামৰ এজন লোকৰ মৃত্যু হৈছে। ১১ ফেব্ৰুৱাৰীৰ দিনা পৰিয়ালৰ অন্যান্য সদস্যৰ এটা ৭ জনীয়া দল তেতেলিয়াৰ পৰা এখন বাহনেৰে প্ৰয়াগৰাজ অভিমুখে ৰাওনা হৈছিল। দলটো কুম্ভমেলাত স্থআন কৰি উভতি অহাৰ পিছত আজি পুৱা প্ৰায় ৬ বজাত ঝাৰখণ্ডৰ গয়াত বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনে ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত চালকৰ আসনত থকা আনন্দ জ্যোতি মহন্ত থিতাতে মৃত্যু হয়। বাহনখনৰ আন ৬ জন লোকো কম বেছি পৰিমাণে আঘাতপ্রাপ্ত হয়। প্রয়াত আনন্দ জ্যোতি মহন্তৰ শৱদেহ ঘৰলৈ আনিবলৈ পৰিয়ালৰ লোক ঝাৰখণ্ড অভিমুখে ৰাওনা হৈছে। বাহনখনত থকা আন ৬ জনক এম্বুলেন্সেৰে গুৱাহাটী আনি থকা হৈছে।
Site Admin | February 14, 2025 8:10 PM | Accident | AIR GUWAHATI | Kumbh Mela
কুম্ভমেলালৈ গৈ পথ দুৰ্ঘটনাত গুৱাহাটীৰ তেতেলীয়াৰ আনন্দ জ্যোতি মহন্ত নামৰ এজন লোকৰ মৃত্যু
