কির্গিস্তানৰ বিচকেকত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ দলটোৱে দুটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কালি অনুষ্ঠিত মহিলাৰ ৭২ কেজি শাখাৰ এখন খেলত ভাৰতৰ হৰ্ষিতা চীনৰ কুয়ান জিয়াঙৰ হাতত ২-৫ ফলাফলত পৰাস্ত হোৱাৰ বিপৰীতে অঞ্জু পাংঘাল ৫৩ কেজি শাখাত উত্তৰ কোৰিয়াৰ জি হিয়াং কিমৰ হাতত শূন্য-১০ ফলাফলত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ বিপৰীতে মহিলাৰ ৬৫ কেজি শাখাত ভাৰতৰ অন্তিম পাঘালে দক্ষিণ কোৰিয়াৰ ছু বিন কিমক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। সমান্তৰালকৈ মহিলাৰ ৬২ কেজি শাখাত মনীষা ভানৱালাই হাংগেৰীৰ এৰিয়ান জেৰালিন কাপিঅ’ক পৰাস্ত কৰি ব্ৰঞ্জৰ পদ হস্তগত কৰে ।
Site Admin | April 15, 2024 7:26 PM | wrestling