May 5, 2024 7:13 PM | Local news

printer

কাৰ্বি সাহিত্য সভাৰ উদ্যোগত ডিফুত দিনজোৰা মত-বিনিময় অনুষ্ঠান

কাৰ্বি সাহিত্য সভা অর্থাৎ কাৰ্বি লামমেত আমেইৰ উদ্যোগত আজি ডিফুত থকা সভাৰ মুখ্য কাৰ্যালয়ত প্রাক্তন সভাপতি, সম্পাদক আৰু সদস্যসকলৰ সৈতে এটা দিনজোৰা মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে সভাৰ সম্পাদক কান্সিং হান্সেৰ পৌৰোহিত্যত আয়োজিত অনুষ্ঠানটোত প্রাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে। বক্তাসকলে ১৯৬৬ চনত গঠিত কাৰ্বি সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা উল্লেখ কৰি কাৰ্বি ভাষাৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সমাগ্ৰহণৰ বাবে পূৰ্ণাংগ ব্যাকৰণ তথা অভিধান প্ৰণয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক