March 29, 2024 7:58 PM | Death

printer

কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখটাৰ আনচাৰিৰ মৃত্যু

কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখটাৰ আনচাৰিৰ যোৱানিশা উত্তৰ প্ৰদেশৰ বান্দা চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয়। পূৰ্বে আনচাৰিক ৰখা জিলা কাৰাগাৰতেই অসুস্থ হৈ পৰাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতেই তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান প্ৰশান্ত কুমাৰে কৈছে যে আনচাৰিৰ মৃত্যুৰ পাছত ৰাজ্যখনত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজ্যখনৰ গাজিপুৰ, মাও, বাৰাণসী আৰু অন্যান্য জিলাসমূহত প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে নিৰাপত্তা কটকটীয়া কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা সপ্তাহত আনচাৰিৰ অধিবক্তাই বাৰাবাংকিৰ এখন আদালতত তেওঁৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰিছিল। উত্তৰ প্ৰদেশৰ মাও সমষ্টিৰ পৰা পাঁচবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত মুখটাৰ আনচাৰি সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ লগতে উত্তৰ প্ৰদেশ আৰু বিভিন্ন ঠাইত সংঘটিত ৬০টাতকৈ অধিক অপৰাধমূলক গোচৰৰ অভিযুক্ত আছিল। তেওঁ ২০০৫ চনৰে পৰা আৰক্ষীৰ জিম্মাত আছিল। আনচাৰি বহুজন সমাজ পাৰ্টীৰ পৰা দুবাৰকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

অধিক পঢ়ক

সকলো চাওক