কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ দেওবৰীয়া বজাৰত আজি বিয়লি হোৱা গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত হয়। সংবাদদাতাই জনোৱা অনুসৰি টি আৰ চি ক্ৰছিঙৰ সমীপত নিৰাপত্তা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি সন্দেহযুক্ত সন্ত্রাসবাদীয়ে দলিওৱা গ্রেনেড লক্ষ্যভ্রষ্ট হৈ পথত বিস্ফোৰিত হয়। এই ঘটনাত কমেও ১০ গৰাকী অসামৰিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, শীতকালীন সা-সামগ্ৰী ক্ৰয়ৰ বাবে দেওবৰীয়া বজাৰখনত ব্যাপক সংখ্যক জনসমাগম হৈছিল। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি আক্ৰমণকাৰীৰ সন্ধান অব্যাহত ৰাখিছে। ইতিমধ্যে উপ ৰাজ্যপাল মনোজ সিনহাই এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান নলীন প্ৰভাত আৰু সুৰক্ষা সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। উপ ৰাজ্যপালগৰাকীয়ে সন্ত্রাসবাদী তথা এই ক্ষেত্ৰত সহযোগিতা কৰা সকলক শাস্তি দিয়াৰ উদ্দেশ্যে সক্ৰিয় আৰু শক্তিশালী অভিযান চলাবলৈ নিৰাপত্তা বিষয়াসকলক নিৰ্দেশ দিয়ে৷ চৰকাৰে সন্ত্ৰাসবাদীৰ অসাধু উদ্দেশ্য সফল হবলৈ নিদিয়ে বুলি উপ ৰাজ্যপলগৰাকীয়ে প্ৰকাশ কৰে ৷ তেওঁ কয় যে, অসামৰিক লোকসকলক উদ্দেশ্য কৰি লোৱা সন্ত্ৰাসবাদীয়ে সিহতৰ কাম-কাজৰ বাবে বৃহৎ মূল্য ভৰিব লাগিব। সন্ত্রাসবাদ দমন কৰিবলৈ নিৰাপত্তা বিষয়াসকলৰ পূৰ্ণ স্বাধীনতা আছে বুলি সদৰি কৰি তেওঁ এই ক্ষেত্ৰত সৰ্বোতপ্ৰকাৰৰ প্ৰচেষ্টা অ্যাহত ৰাখিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। শ্রীসিনহাই আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগেত জিলা প্ৰশাসনক এইক্ষেত্ৰত পূর্ণ সহযোগিতা আহবঢ়াবলৈ নিৰ্দেশ দিয়ে।
Site Admin | November 3, 2024 8:34 PM | Kashmir Graned Blast