ছিংগাপুৰৰ কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা প্ৰশাসনৰ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠক কালি অনুষ্ঠিত হয়। প্রশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সচিব ভি শ্রীনিবাস আৰু ছিংগাপুৰৰ লোকসেৱা বিভাগৰ স্থায়ী সচিব টান গী কেওৱে দেশ দুখনৰ প্রশাসনিক সংস্কাৰ আৰু প্ৰযুক্তিবিদ্যা প্ৰৱৰ্তনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰে। ভিডিঅ’ কনফাৰেন্সৰ মাধ্যেমেৰে অনুষ্ঠিত বৈঠকখনত দুয়োটা পক্ষই সুশাসন আৰু প্ৰশাসনিক সংস্কাৰৰ উন্নয়ন সম্পর্কে পর্যালোচনা কৰে। ভাৰত আৰু ছিংগাপুৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱৰ্তন অনাৰ পোষকতা কৰে। বৈঠকত সুশাসন পদ্ধতিৰ আদান-প্রদান, কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত তথ্যৰ আদান-প্রদান, শাসনত প্রযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা আৰু যৌথ কৰ্মগোটৰ বৈঠক সময়মতে অনুষ্ঠিত কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।
Site Admin | September 11, 2024 2:14 PM